Wednesday, April 9, 2008

My thoughts through My Poems !!

Urmilar Hridoyor Botora

Ram dadai sita bouk nibo paare,
tumi muk kiyo ninila,
choudhya bosor bonot bash koribo
tumi maatho kio muk eri gusi gola.....

Mur ki kunu astitwa naai
tumar jeebonot,
saha dharmini kori tu
tumie muk loi anisila

aru bidhir ei bishmoi chaknoiyat
muk eri thoi khali gusi gola
mur monor bedona,
mur asha, mur hiya
enedore kio tumi surmar korila....

Moi jaano dadar karone bou gol,
tumio golagoi bhair dharma mani,
kintu muk ei sasti
ki karonot di gola?

pratigoraki naarir manubancha
swamir hoite jeevan kotuwa
sukh dukhar bhagi hua
tumar premor binimoyat
kio ei biroh bedona jasila
bhatri premor ahbanot
kio tumi swami dharmar kotha
ebaaru nabhabila

muk rakhi gola ayodhyat
tumar baabe byakul bedanat
tumar hoite kidore
preron koro moi mur dukhor botora?

botaahor hoite pothaisu
mur monor botora
tumi parile abaar aahi juwa
birohot joli thoka
dehatuk ebaar mathu saboti juwa

aru jodi aahibo nuwara
tenehole kom tumi
khatriya nuhuwa
homok sakhi kori
mur sote gutei jeevon kotuwar
kio tumi korisil
mithya protigya???

$


$#

Proyaashor Ahbaan...

..aha..
..aguwai aaha....
..bhabi nathakiba
..nija swarthaor kotha....
..kiba puwa nupuwar bichar bibesona...
..pahori peluwa
......puroni bipholotar kotha
......bhai-bhair major purona kajia
......pahar bhoyyam adibashir baishamyar kotha


dorodi goya raij
aaji baanot akranto
medhavi lorar haatot porhiboloi naai dhon
paathsalar ting ura,
chatror mejot paanir dunga
baat poth uduli muduli
rang ghar khono aaji phat mela...
majulir xotro bur jao bur jao awastha...
axomot aaji xuniba
kewal hotash humuniah aru nirobota
kaak kaak aru kio
kenekoi nu tumi dukh diba?
Nije jodi akuwei nokoro
nohom jonu aami bhagwanor usorot
kapurush, jogoria??

paara jodi aag bhag luwa..
.....axomi aair babe
..paara jodi kiba kori jua
..dhon diya
..kapur diya
..kitab diya
.............aku nathakile
para jodi
tumar niswartho shram diya

aagantuk projonmok
ekhon ujjal axomor aadhar diya
sahoshere aag barhiboloi
biswar anyar protibhar kishoror logat
somaane fer maribo porakoi
sihotok prastut kora


ji dore paara
tumi upojukto dukhiya
axomiya bhai bhonik
tumar saharjya diya

saharjya keitimaan haahir baabe !!
Axomi aair buku jurabor baabe !!

soisobot Axomi aaiye diya
pratitu swash praswashok
ati nogonya dhanot axomot pua
sei prathomik sikkhyak
protitu bukur moromok
ebaar suworon kori
axomor Bahirot thoka khiniye
tumalukor samortho anusaare
ji para
kori jua......

Jaaga jaaga
axomiya deka gabhorur dol
lakhya tumar
akhon ujjal Axom !!!
----------------------------------------------
$
----------------------------------------------




মালবিকা, তুমি মোহিনী
----------------------

মালবিকা, তুমি মোহিনী

সৌন্দয্যৰ তুমি অনুপম আকৰ

মোৰ ‍স্বপ্ন সম্ভৱা মৃগাৰন্যত

বিচৰণ কৰা তণ্বী নিতম্বিনী তুমি মৃগনয়নী !


তোমাৰ প্রতিটো ৰন্ধ্ৰে ৰন্ধ্ৰে

উতনুৱা যৌৱনৰ উত্তাল তৰংগ

কুসুম কোমল দেহাটিৰে

তুমি যেন এক স্বৰ্গীয় অপ্সৰা !


আলুলায়িত কেশেৰে তুমি

অনন্ত যৌৱনৰ অমৃতকুম্ভ

অশৰীৰী কোনো শাৰীৰিক আকৰষণেৰে

তুমি প্রতিজন পুৰুষৰে স্বপ্নৰ অমৰাবতী !


সমুদ্রৰ গভীৰতা বিচাৰি পাব পৰা

তোমাৰ নীলিম নয়নজুৰিৰে সেই চাৱনি

গুলপীয়া উঠদুটিত ফুটি উঠা

তোমাৰ সেই প্রাণচঞ্চল হাহি !


তুমি সচাকৈয়ে যৌৱনৰ লীলাভুমি

সৰ্বগুণাকৰ তোমাৰ এই স্বচ্ছ শৰীৰ

প্রতিটো ভাজতে যাৰ পোৱা যাব

কোনো শিল্পীৰ নিখুত হাতৰ নিদৰ্শন !


উৰ্মিল নিতম্বিনী তুমি

প্রতিটো খোজতে তোমাৰ

প্ৰশান্ত মহাসাগৰৰ গভীৰতা

চেতনা হেৰুৱাব পৰা এক অদ্ভুত মাদকতা !


তোমাৰ সান্নিধ্য্ই বিলীন নিয়াই

ভদকাৰ দৰে মদিৰাৰ মাদকতা

সচাকৈয়ে জানো তুমি কোনো মানবী

নে শাপভ্রষটা কোনোবা স্বৰ্গৰ তিলোত্তমা !


ধৰাৰ বুকুলৈ শাপখণ্ডন কৰিবলৈ

নামি অহা হয়তো তুমি ৰম্ভা উৰ্বশী নতুবা মেনকা

মোৰ বুকুৰ প্রতিটো স্পন্দনত তোমাৰে অবস্থিতি

মোৰ বাবে তুমি মাথো তুমি; তুমি মালবিকা !



--------------------

$$$$$$$$$$$$$$$$$

--------------------

মানসী , তোমাৰ স্মতি

----------------------------------


মানসী, তুমি আজি

দেহে প্রাণে

মোৰ ওচৰত নাই 1

নাই আজি তোমাৰ সেই

প্রানচঞ্চল হাহি

নাই লেডী ডায়েনাৰ সেই

চিৰ পৰিচিত গোন্ধ !

কিন্তু আছে তোমাৰ

বহুতো মিঠা স্মতি

পাহৰিব নোৱাৰা

সেই কলেজীয়া দিনবোৰ !

মনত আছে মোৰ

তোমাৰ প্রতিটো কথা

মনত আছে মোৰ

তুমি দিয়া প্রতিটো গালি !

তুমি দিয়া সেই উসাহ

মোৰ কান্ধত দিয়া প্রতিটো স্পৰ্শ

তুমি কৰা ধেমালিবোৰ

মনত আছে “আমাৰ” প্রতিটো মুহুৰ্ত !

সেয়াই যে বহুত

আৰু একো নালাগে মোক

বুকুত অকা আছে তোমাৰে ছবি

সময় কটাবলৈ তোমাৰে সেই স্মতি !



-------------------------------

$$$$$$$$$$$$$$$$$$$$$$$$$

--------------------------------


ভালপোৱাৰ অনুভুতি
------------------



ভালপোৱাৰ অনুভুতি ক্ৰমা বাঢ়িব ধৰিছে

একেবাৰে নিশব্দে

সকলো বাধা নেওচি

সম্পুৰ্ণতাৰ দিশত আগবঢ়া

হৃদয়ত গঢ় লোৱা সেই

কোমল ভাৱানুভূতিৰ বেগ

আজি ভীষণ ত্বৰান্বিত

গন্তব্য স্থান ইযাৰ সুদুৰ ধেমাজি !



পদে পদে বাধা

সমুখত ইতিহাস

বৰফেৰে ঢকা ৰাজপথত

ৰঙা গোলাপৰ দীঘলীয়া কাইট

যাত্ৰাৰ সংগী বুলিবলৈ

উৰি ফুৰা কপৌ জনী

খালী ভৰিৰেই খোজ দিব লাগিব

সতী জয়মতীৰ স্মতিয়ে গৰকা জেৰেঙা পথাৰত !



হেৰা চাউদাঙ ! শুনি লোৱা

তোমাৰ মামৰে ধৰা দাখনত

পাৰা যদি ধাৰ দিয়া

প্রেমৰ বেদীত

বলি যাবলৈ

শিতানৰ অভাৱ নাই

শতাব্দীৰ বান্ধোন চিগি

আজি প্রেমে পাইছে সঞ্জৱনী !


--------------------------------------

$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$

--------------------------------------



এক সপোন

------------------

সপোন দেখি ভাল লাগে

দিন দুপৰতে

সুস্থ মগজুৰে

দুয়ো চকু মেলি

আগন্তুক ভৱিষ্যতৰ

এখন উন্নত সমাজৰ

যত নিজা স্ৱাৰ্থপৰতা

অতি তুচ্ছ আৰু ঘৃণনীয়

সবাৰে লক্ষ্য মাথো

এখনি উন্নত মেদিনী !

জাতি ধৰ্মৰ উৰ্দ্বত

মানবতাৰ জয়ধ্ৱনি

সবাৰে হাতত সৃষিটকামী হাথিয়াৰ

কাচি, নাঙল আৰু কুঠাৰ

চৌদিশে হালধীয়া পথাৰ

ঘৰৰ চালত মাথো কোমোৰা আৰু পাৰ চৰাই

আকাশত কলা ডাৱৰ আৰু নাই !


-----------------

$$$$$$$$$$$$$$$$

------------------


গোলাপৰ কলি

------------------

তোমালৈ যাচিবলৈ

মোৰ হাতত আজি

এটি মাথো গোলাপৰ কলি !

কলিটিৰ ঠাৰিডাল

পাতল আৰু নিমজ

তাৰ কাইটখিনি অতৰাই

মই চিকুণাই দিছো !

কলিটিত দেখিবা

মোৰ তেজৰ উতনুৱা ৰঙ

বুকুত দি চাবা

পাবা মোৰ প্ৰতিটো স্পন্দন !

কলিটিত লগা নিয়ৰে

তোমাক জনাব মোৰ প্রেমৰ গভীৰতা

প্ৰতিটোপাল নিয়ৰকণাতে

ভিজি আছে মোৰ হৃদয়ৰ বতৰা !

আজিৰ বাবে তুমি

কলিটো চুলিত গুজি লবা

শুকাই গলেই তাক

তোমাৰ ডায়েৰীৰ ভিতৰত সাচি থবা !


--------------

$$$$$$$$$$

--------------


জীৱন বৰ্ণনা

-----------------------

মানব জীৱন

এক কঠোৰ যাত্ৰা

পদে পদে কাইট

ক'ৰবাত দলিছা !

অনৰ্গল এক সংগ্রাম

সকলোৱে অকলসৰীয়া

সমুখত বিভীষিকা

জয় পৰাজয়ৰ একাংকিকা !

জন্মৰ গৰ্ভতে মৃ্ত্যুৰ সত্যতা

বয়স বাঢ়ে মানে

আয়ুস কমাৰ প্রবনতা

মায়ামোহৰ জালত অনাহক ব্যস্ততা !

শৈশৱৰ শিখৰত উঠি

আনন্দ উপভোগ কৰাৰ অন্তত

যৌৱনৰ ন ন জটিলতা

ভবিষ্যতৰ নানান পৰিকল্পনা !



যৌৱন পাৰ হলেই

আকাংক্ষিত এক গতানুগতিকতা

জীৱনৰ কঠোৰ দায়িত্বৰ বোজাত

কেনিবা হেৰাই শৈশৱৰ সৰলতা !


----------------

$$$$$$$$$$$

----------------


মনৰ বতৰা

---------------

আজি মন আকাশ মোৰ ডাৱৰেৰে ভৰা

নযনজুৰিত মোৰ প্লাৱনৰ ঢল

পুৰ্ণিমাৰ জোনাকো আজি আউসীৰ ছাৰে আৱৰা

মনত আজি মোৰ আবেগৰ ওখল মাখল !

কাইটীযা জীৱনৰ মৰুত

তুমিযেই নাছিলানে মোৰ তৃষ্ণাৰ নীৰ

কিন্তু মৰুভুমিৰ মৰীচিকাৰ দৰে

তুমিযো মোক কিয হতাশ কৰিলা ?

নি্যৰ কণাটো দেখিছো মই তেজৰহে ৰঙ

স্বাস প্ৰস্বাসত যেন ড্ৰেগনৰ জুই

মোৰ বাবে এই পৰিবেশ যে বিষাক্তকৰ

সবান্ধৱৰ মাজতো যে আজি মই দ্বীপান্তৰ !



-------------------------------------------------------

$$$$$$$$$$$$$$$$$$$$$$$$$$$$

-------------------------------------------------------



নিসংগতা আৰু মই

----------------------

সকলোকে জনাই থোৱা হ'ল

নিসংগতাক মই ভাল পাও

সীমাহীন এই ভাল পোৱা

যত নিবিচাৰো কাৰোৰে হস্তক্ষেপ !

যৌৱনৰ কোনো এক মুহুৰ্তত

হঠা ভাল পাই পেলালো

তেতিয়াৰে পৰা আজিলৈকে

নিসংগতাই মোৰ প্রাণে বিচৰা সংগী !

বিবাহত বহাৰ মোৰ মন নাই

একমাত্ৰ নিসংগতাক হেৰুৱাৰ ভয়ত

মোৰ আৰু নিসংগতাৰ মাজত

কাৰোবাক অনাৰ মোৰ হাবিয়াস নাই !




নিসংগতাই মোৰ পৰা একো বাঞ্চা কৰা নাই

মই হলে বিচৰামতে পাইছোও বহুতো

প্রতিটো দিনৰ ব্যস্ততা কোলাহলৰ অন্তত

পাইছো অৱসাদ গুচাব পৰা মানসিক শান্তি !


নিসংগতাই কেতিয়াও মোৰ সতে পেচ পতা নাই

নিতৌ একে ৰূপতে মই লগ পাও

কি সেই প্রেম যে ক্ৰমাত বাঢ়িব ধৰিছে

নিসংগতাৰ অবিহনে যে মই একেবাৰে অসহায় !


আমাৰ দুয়োৰে যি সম্পৰ্ক হয়তো আচহুৱা

কিন্তু মোৰ বাবে যে ই যৌৱনৰ প্রথম প্রেম

ভয় হয় কেৱল মই থকা সমাজ খনলৈ

হয়তো আমাকলৈ উঠিব পাৰে বহু প্রশ্ন !


হয়তো এই প্রেম পৰিণতিহীন

কিন্তু মোৰ এই ভালপোৱা অতিকে পবিত্ৰ

নাই ইয়াত কোনো কলুষ কালিমা

মোৰ প্রেমকলৈ বিচাৰিছো

কেৱল মাথো সমাজৰ সহযোগ

নতুবা সম্পুৰ্ণ নিৰ্লিপ্ততা !


--------------

$$$$$$$$$$$$$

---------------


নিসংগ এই জীৱন

------------------------

মোৰ এই জীৱন

কিয় যে অকলসৰীয়া

নাই কোনো বন্ধু বান্ধব

অভাৱ অনুভূত হয় প্রিয়জনৰ !

ভাবিলে বেয়া লাগে

কিন্তু তথাপি মোৰ ভাল লাগে

এই নিৰৱতা, নিস্তব্ধতা

এই নিঃস্ব পৰিবেশ !

সমাজ পৰিয়াল হেনো

মানুহৰ বাবে প্রয়োজনীয়

কিন্তু মোৰ হৃদয়ত

এইসৱাৰ বাবে স্পন্দনৰ অভাৱ !

কোনো সংগীৰ বাবে

নকৰে হৃদয়ে আবেদন

মোৰ ভাল লাগে

অমাবস্যাৰ আগনিশাৰ নিৰ্মল ৰজনী !

অন্ধকাৰ নিস্তব্ধ নিশা

সহস্র ঢৌৰে ভৰা সাগৰৰ পাৰ

মোৰ প্রাণৰো প্রিয়

কামনাভৰা এক অমানবীয় সংগী !